মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া গোচৰত ৩ জনক আটক।
ভাবুকি দিয়া আব্দুল মোতালেবৰ পিতৃ-ভাতৃসহ আন এজন যুৱকক আটক আৰক্ষীৰ। জালত আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক আৰু জ্যেষ্ঠ ভাতৃ আবু তালেব। ৰাছিদুল ইছলাম নামৰ আন এজনকো আটক কৰিছে আৰক্ষীয়ে।
বৰালিমাৰিৰ পৰা সোধা-পোছাৰ বাবে আটক তিনিওকে। তিনিওকে আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা। সমান্তৰালকৈ ভূৰাগাঁও আৰক্ষী থানাত জেৰা অব্যাহত আব্দুল মোতালেবক।
উল্লেখ্য যে, পূৰ্বে আব্দুল মোতালেবক গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত হত্যাৰ ভাবুকি দিছিল আব্দুল মোতালেবে। ১ কোটি টকা দিলেই মুখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিছিল।