মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি এজনক আটক।
ফেচবুকত কমেন্টত হত্যা ভাবুকি দিছিল ৰছিদুল হক নামৰ যুৱকজনে।
যুৱকজনে ফেচবুকত মোবাৰক আলি নামেৰে ভুৱা একাউণ্ট খুলি দিছিল ভাবুকি।
চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ অৰূপ পাঠকৰ নেতৃত্বত অভিযান চলাই ৰছিদুল হকক কেৰেলাৰ পৰা আটক কৰে।
ৰছিদুল হকৰ ঘৰ নগাঁৱৰ ধিঙৰ বৰি চাপৰিত বুলি জানিব পৰা গৈছে।