চামগুৰিত বুজন পৰিমানৰ ড্ৰাগছসহ আটক এজনক

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ।

আৰক্ষীৰ অভিযানত ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক এজন যুৱক।

আটকাধীন যুৱক জনৰ নাম পৰা বাবুল আলী বুলি জানিব পৰা গৈছে।

ধৃত যুৱকজনৰ পৰা ১২গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।

আটকাধীন যুৱকজনে চামগুৰিৰ বৰমা অঞ্চলৰ পৰা ড্ৰাগছ সমূহ ক্ৰয় কৰি আনি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চামগুৰি তিনিআলিত আটক কৰে।

যুৱক জনৰ ঘৰ কাজিৰঙা কুঠৰিত বুলি জানিব পৰা গৈছে।

সম্প্ৰতি অধিক তথ্যৰ বাবে আটকাধীন যুৱক জনক জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *