আজি ভাৰতীয় সেনা দিৱস;ত্যাগ, সাহস আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতীক ভাৰতীয় সেনা

আজি ভাৰতীয় সেনা দিৱস। ত্যাগ, সাহস আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতীক ভাৰতীয় সেনা।

ৰাইজৰ সুৰক্ষাত, দেশমাতৃক সুৰক্ষাত সৰ্বোচ্চ ত্যাগ কৰে জোৱানসকলে। প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ ভাৰতীয় সেনা৷ দেশৰ অখণ্ডতা, নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ বাবে সদা সচেষ্ট ভাৰতীয় সেনাৰ শৌৰ্য, বীৰত্ব আৰু ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰা হয়।

উল্লেখ্য যে ভাৰতীয় সেনাৰ প্ৰতিজন জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ ত্যাগৰ বাবে দেশৰ সুৰক্ষা আৰু শক্তিৰ এক মজবুত আধাৰশিলা গঢ় লৈ উঠে৷ ভাৰতীয় সেনা দিৱসত প্ৰতিজন বীৰ জোৱানলৈ ছেল্যুট৷

Leave a Reply

Your email address will not be published. Required fields are marked *