আজি সন্ধানহীন ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ডাংধৰা পঞ্চায়তৰ সোণালী পথাৰ গাঁৱৰ স্থানীয় যুৱক শান্তনু মিলি
ব্ৰহ্মপুত্ৰৰ সুঁতিত সন্ধানহীন হোৱা ৬ দিন অতিক্ৰম হৈ যোৱা পাছত অৱশেষত উদ্ধাৰ অভিযান সফল কৰিব নোৱাৰি অৱস্থান সামৰিলে এছ ডি আৰ এফ বাহিনীয়ে।
উল্লেখ্য যে, সোণালী পথাৰ গাঁৱৰ নিৰণ মিলিৰ পুত্ৰ শান্তনু মিলিয়ে যোৱা ৬ দিন পূৰ্বে পুৱা প্ৰায় ১০ বজাত কেইগৰাকীমান আত্মীয় আৰু সতীৰ্থৰ সৈতে ব্ৰহ্মপুত্ৰৰ চাপৰিত পোহনীয়া পশুধনৰ বাবে এটা অস্থায়ী গোহালি নিৰ্মাণ কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু পথৰ মাজত থকা ব্ৰহ্মপুত্ৰৰ এটা সুঁতি পাৰ হ’বলৈ চেষ্টা কৰোঁতেই প্ৰচণ্ড সোঁতত পৰি তেওঁ আকস্মিকভাৱে নদীৰ বুকুত নিখোজ হৈ পৰে।
ঘটনা সংঘটিত হোৱা দিনৰে পৰা মিচিং জাতীয় সংগঠন ‘মিচিং মিমাগ কৌবাং’ (MMK)-ৰ দাংধৰা আঞ্চলিক সমিতিৰ আহ্বান ক্ৰমে ঢকুৱাখনা আৰু মাজুলীৰ এছ ডি আৰ এফ বাহিনীয়ে যৌথভাৱে নিৰৱিচ্ছিন্ন উদ্ধাৰ অভিযান চলাইছিল।কিন্তু ধাৰাবাহিক ৬টা দিন বিচাৰ-খোচাৰ কৰাৰ পাছতো মিলিৰ কোনো সম্ভেদ উলিয়াবলৈ ব্যৰ্থ হয় উদ্ধাৰকাৰী দলটো।
এছ ডি আৰ এফ বাহিনীয়ে অভিযান বন্ধ কৰাৰ পাছত উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ। স্থানীয় ৰাইজৰ লগতে এম এম কেৰ নেতা শ্যাম পাতিৰে অসমৰ মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে।নিখোজ শান্তনু মিলিক বিচাৰি উলিয়াবলৈ উদ্ধাৰ প্ৰক্ৰিয়া পুনৰ চলাই নিবলৈ চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।