পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা।
এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।
অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁচ লাখ টকাৰ চেক আগবঢ়াইছে অসম ফাৰ্মাচিউটিকেল এছ’চিয়েচনে৷ সোমবাৰে দিছপুৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত এছ’চিয়েচনৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক এই সাহাৰ্যৰ চেক প্ৰদান কৰে৷
প্ৰতিনিধি দলটোত আছিল অসম ফাৰ্মাচিউটিকেল এছ’চিয়েচনৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মা, সম্পাদক ৰঞ্জন কুমাৰ ডেকা, যুটীয়া কোষাধ্যক্ষ হৰেণ শৰ্মা আৰু কাৰ্য্যনিৰ্বাহক দিলীপ চন্দ্ৰ গোস্বামী । উল্লেখ্য যে সামাজিক দায়বদ্ধতাৰ অংশৰূপে এছ’চিয়েচনে বিভিন্ন সময়ত বিভিন্ন জনক সহায়ৰ হাত আগবঢ়াই আহিছে৷
সাহাৰ্য পুঁজিলৈ আগবঢ়োৱা পাঁচ লাখ টকাৰ চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম ফাৰ্মাচিউটিকেল এছ’চিয়েচনৰ এনে জনহিতকৰ কাৰ্যসূচীৰ শলাগ লয় ৷