মঙলদৈত জব্দ ৪১টা গৰু; বাহন এৰি পলায়ন চালকৰ

দৰং আৰক্ষীৰ বৃহৎ সাফল্য।

মঙলবাৰে নিশা মঙলদৈত এখন গো-ভৰ্ত্তি কণ্টেইনাৰ জব্দ কৰে দৰং আৰক্ষীয়ে।

জব্দ কৰা কণ্টেইনাৰখনত আছিল ৪১ টা গৰু ।

মঙলদৈ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি এ এছ ২৫ ই চি ৭৪০৪ নম্বৰৰ কন্টেইনাৰ বাহনখনত অভিযান চলায় ।

অবৈধ গৰু কঢ়িয়াই নি থকাৰ সময়তে আৰক্ষীৰ দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কন্টেইনাৰ বাহনসহ ৪১ টা গৰু জব্দ কৰে।

অৱশ্যে বাহন এৰি পলায়ন কৰে চালকে

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *