পূজাৰ আনন্দৰ মাজতে বজালীৰ নিত্যানন্দত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন।
বজালী জিলাৰ নিত্যানন্দত শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা
নিত্যানন্দ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখৰ ‘মিতুল ষ্টোৰ’ নামৰ গেলামালৰ দোকানখনত সংঘটিত এই অগ্নিকাণ্ডত দোকানখনৰ ভিতৰত থকা প্ৰায় সকলো সামগ্ৰী জুইত সম্পূৰ্ণৰূপে জাহ যায়।
অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মিতুল দাসৰ পাঁচ লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, হঠাৎ দোকানখনত জুইৰ সূত্ৰপাত ঘটে।
প্ৰাথমিকভাৱে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
স্থানীয় ৰাইজে বহু চেষ্টা কৰে যদিও তেতিয়ালৈকে দোকানখনৰ ভিতৰত থকা সামগ্ৰীৰ অধিকাংশই জুইত জাহ গৈছিল।