বিটিচিৰ বিভিন্ন এলেকাত মুকলি গো বজাৰ। ইয়াৰ পাছতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মাজেৰে ধুবুৰীৰ গৌৰীপুৰৰ নদী পথৰে একাংশ গৰু বেপাৰীয়ে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধভাৱে গো-ধন সৰবৰাহ কৰি থকাৰ খবৰ পোহৰলৈ আহিছে।
কেৱল ইমানেই নহয়, গো-ধন সৰবৰাহ কৰি থাকোতে দেওবাৰে পুৱতি নিশা আঠানি আৰক্ষীয়ে এক গোপন খবৰৰ ভিক্তিত অভিযান চলাই জহৰমুৰা আৰু আমবাৰী অঞ্চলত অভিযান চলাই ৯ টা চোৰাং গৰুসহ ৩ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত সৰবৰাহকাৰী ৩জন ক্ৰমে ৰহিজ উদ্দীন, ৰূপচান আলী আৰু আজগৰ আলী বুলি জানিব পৰা গৈছে। আঠানি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।