কালাইন আৰক্ষীৰ বৃহৎ সফলতা; জব্দ বুজন পৰিমানৰ চুৰি সামগ্ৰী

চুৰি সামগ্ৰীৰ‌ বিৰুদ্ধে কালাইন আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ আসক্ত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কালাইন থানাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
কালাইন থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ কোৱাৰ্টাৰত সংঘটিত চুৰিকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে এই সফলতা লাভ কৰে।

এই চুৰিকাণ্ডৰে জড়িত আলিম উদ্দিন আৰু চেলিম উদ্দিন নামৰ দুজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে নাতানপুৰৰ মুহিম উদ্দিন নামৰ এজন স্ক্ৰেপ ব্যৱসায়ীৰ ঘৰত অভিযান চলায়।অভিযানত ব্যৱসায়ীজনৰ ঘৰৰ পৰা ৩০টা বেটাৰী,৬টা বৈদ্যুতিক মটৰ, এটা ইলেক্ট্ৰনিক ওজন পাল্লা, বিভিন্ন ধৰণৰ বাচন-বৰ্তন, বৈদ্যুতিক তাঁৰ, মন্দিৰ-মছজিদৰ সামগ্ৰী, বিভিন্ন বাহনৰ যন্ত্ৰাংশ আৰু দুখন নম্বৰ প্লেট উদ্ধাৰ কৰে।

স্থানীয় সূত্ৰৰ মতে, অঞ্চলটোত এনে বহু স্ক্ৰেপ ব্যৱসায়ী সক্ৰিয় হৈ আছে, যিয়ে ড্ৰাগছ আসক্তসকলৰ পৰা কম মূল্যত চুৰি সামগ্ৰী ক্ৰয় কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। আৰক্ষীয়ে এই চক্ৰটোক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *