আজি মহাঅষ্টমী; পাটাছাৰকুছিৰ ঐতিহাসিক দুৰ্গা পূজাস্থলীত ভক্তৰ ভিৰ

আজি মহাঅষ্টমী পাটাছাৰকুছিৰ ঐতিহাসিক দুৰ্গা পূজাস্থলীত ভক্তৰ ভিৰ।

আজি মহা অষ্টমী।দেৱী দুৰ্গাৰ মহাগৌৰী ৰূপক আৰাধনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালীতো উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

পুৱাৰে পৰা বিভিন্ন পূজা মণ্ডপত ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হয়।

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ-দ্বীপ আৰু নৈবেদ্যৰে ভক্তসকলে দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনাইছে।

১১৮ বছৰীয়া ঐতিহ্য বহন কৰা পাটাছাৰকুছিৰ ঐতিহাসিক দুৰ্গা পূজাস্থলীতো পুৱাৰে পৰা ভক্তৰ সমাগম দেখা যায়।

সুদীৰ্ঘ ১১৮ বছৰে ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক পৰিৱেশ অক্ষুণ্ণ ৰাখি আহিছে এই দুৰ্গাপূজাই।

আনহাতে, মহা অষ্টমীৰ উপলক্ষে দুপৰীয়াৰ প্ৰসাদ বিতৰণ কাৰ্যসূচীৰ বাবেও সাজু হৈছে পূজা সমিতি।

Leave a Reply

Your email address will not be published. Required fields are marked *