দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ঢকুৱাখনাত মৰ্মান্তিক ঘটনা। নিজ গৃহলৈ উভতি অহাৰ পথত অকাল মৃত্যুক সাৱটি ল’লে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১ নং বান্তৌ গাঁৱৰ যুৱক বিজয় ফুকনৰ নাম লোকজন
প্ৰাপ্ত খবৰ অনুসৰি, ১ নং বান্তৌ গাঁৱৰ নিবাসী দৰিদ্ৰ খেতিয়ক ৰবীন ফুকনৰ একমাত্ৰ পুত্ৰ আছিল বিজয় ফুকন। পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যৰে তেওঁ যোৱা প্ৰায় ৮ বছৰ ধৰি কেৰেলাৰ এটা ব্যক্তিগত প্লাইউড ফেক্টৰীত অস্থায়ী শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। পূজাৰ বন্ধত ঘৰলৈ অহাৰ মন বান্ধি যোৱা ১৬ অক্টোবৰত তেওঁ কেৰেলাৰ পৰা ৰে’লেৰে স্বগৃহ অভিমুখে ৰাওনা হৈছিল।
কিন্তু অতি ৰহস্যজনক তথা সন্দেহজনক পৰিস্থিতিত ঘৰমুখী যুৱকজনৰ ৰে’লৰ পৰা পৰি মৃত্যু হয়। ঘটনাৰ পাছত কেৰেলাৰ কোচিন চহৰৰ আৰ্নেকুলাম জিলাৰ কালামেশ্বৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মৃতদেহ উদ্ধাৰ কৰে। পাছত আৰক্ষীয়ে লাভ কৰা নথিপত্ৰৰ আধাৰত বিজয় ফুকনৰ ঢকুৱাখনাস্থিত বাসগৃহলৈ খবৰ প্ৰেৰণ কৰাতহে পৰিয়ালৰ লোকসকলে এই অশুভ বাৰ্তা লাভ কৰে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ এনে হঠাৎ আৰু সন্দেহজনক মৃত্যুত শোকত ভাগি পৰিছে আত্মীয় তথা সমগ্ৰ অঞ্চলবাসী।
দৰিদ্ৰ পৰিয়ালটোৰ বাবে বিজয় ফুকনৰ নশ্বৰদেহ কেৰেলাৰ পৰা নিজ গৃহলৈ অনাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। আইনগত ব্যৱস্থা গ্ৰহণ আৰু পুত্ৰৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰ্থিক দৈন্যতাই বাধাৰ সৃষ্টি কৰিছে। এনে চৰম দুৰ্দিনৰ সময়ত শোকাকুল পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মানৱীয় হস্তক্ষেপ প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ “শ্ৰদ্ধাঞ্জলি” আঁচনিৰ জৰিয়তে মৃতদেহ স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।