বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজাৰ আয়োজন।
কৰ্তব্যৰ মাজতে একত্ৰিত হৈ দুৰ্গতিনাশিনীৰ আৰাধনাত ব্যস্ত বজালী আৰক্ষী।
শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উলাহৰ মাজতে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বজালী আৰক্ষীয়ে।
প্ৰথমবাৰৰ বাবে বজালী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজন কৰা হৈছে দুৰ্গা পূজা।
সমাজৰ অপায়-অমংগল দূৰ কৰি শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠাৰ কামনাৰে আৰক্ষী অধীক্ষকৰ উদ্যোগত আয়োজন কৰা এই পূজাত বজালীৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ আৰক্ষীসকলে একত্ৰিত হৈ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মা দুৰ্গাৰ আৰাধনা কৰে।
উল্লেখ্য যে, দুৰ্গা পূজাৰ সময়ছোৱাত সকলোৱে পৰিয়ালৰ সৈতে উৎসৱৰ আনন্দ উপভোগ কৰাৰ বিপৰীতে আৰক্ষীসকলে নিজৰ কৰ্তব্যৰ খাতিৰত বহু সময়ত ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হয়।
উৎসৱৰ আনন্দৰ মাজতো আইন-শৃংখলা ৰক্ষা আৰু ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব পালন কৰি আহিছে আৰক্ষীৰ লোকসকলে
এনে পৰিস্থিতিৰ মাজতে এইবাৰ বজালী আৰক্ষীৰ বিষয়া-জোৱানসকলে নিজৰ কৰ্তব্যৰ সমান্তৰালভাৱে একত্ৰিত হৈ প্ৰথমবাৰৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুৰ্গা পূজাৰ আয়োজন কৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
এই উদ্যোগে আৰক্ষীসকলৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সামূহিক সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
কৰ্তব্য আৰু দায়িত্বৰ মাজতো ধৰ্মীয় পৰম্পৰা তথা উৎসৱৰ আনন্দক একেলগে উদযাপন কৰাৰ এই প্ৰয়াসে বজালী আৰক্ষীৰ কৰ্মব্যস্ত জীৱনৰ মাজত এক নতুন মাত্ৰা সংযোজন কৰিছে।