শনিবাৰে নিশা উত্তৰ কলকাতাৰ চোৰবাগান সৰ্বজনীন দুৰ্গা পূজা পেণ্ডেলত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় ১৯ জন লোক নিহত হোৱাৰ লগতে ২৫ জন লোক আহত হয়৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই তথ্য নিশ্চিত কৰিছে ৷
বৰ্তমান বিশেষ টাস্ক ফ’ৰ্চ (এছ টি এফ), ফৰেনছিক দল, অগ্নিনিৰ্বাপক বাহিনীয়ে এই ঘটনাৰ দায়বদ্ধতা নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰিছে । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে উক্ত স্থান ছীল কৰাৰ কথা জানিবলৈ দিয়ে ৷ একেসময়তে কলকাতা আৰক্ষীয়ে নিৰাপত্তা বিসংগতি আৰু গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে নেকি, সেইয়া নিশ্চিত কৰিবলৈ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে ।
পশ্চিমবংগৰ উত্তৰ কলকাতাৰ চোৰবাগান দুৰ্গা পূজা মণ্ডপত সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।
কলকাতাৰ এই ভয়াৱহ দুৰ্ঘটনাৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাক অত্যন্ত মৰ্মান্তিক আৰু বেদনাদায়ক বুলি অভিহিত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্টযোগে লিখিছে- “কলকাতাৰ চোৰবাগান পূজা মণ্ডপত সংঘটিত শোকাৱহ পদপিষ্টৰ ঘটনাটি সম্পৰ্কে জানি গভীৰভাৱে মৰ্মাহত হৈছোঁ। আপোনজনক হেৰুওৱা শোকসন্তপ্ত পৰিয়ালসমূহলৈ অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ”।
এই দুখৰ মুহূৰ্তত প্ৰতিবেশী হিচাপে আমাৰ চিন্তা আৰু প্ৰাৰ্থনা ঘটনাটিত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী ব্যক্তিৰ সৈতে আছে৷ মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ– আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰক আৰু দেৱীমাই শোকসন্তপ্ত পৰিয়ালসমূহক এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ শক্তি আৰু সাহস প্ৰদান কৰক।