আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপজা দিন;প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি জনালে শুভেচ্ছা

আজি ৰাহুল গান্ধীৰ জন্মদিন। ৫৬ বছৰ বয়সত ভৰি দিলে কংগ্ৰেছ নেতাগৰাকীয়ে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ কেইবাগৰাকী নেতাই । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম এক্স’ত পোষ্ট কৰি ৰাহুল গান্ধীক জন্মদিনৰ শুভকামনা জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ সু-স্বাস্থৰ লগতে দীৰ্ঘায়ু কামনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্স’ত এইদৰে লিখিছে, “লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰছো । তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ।”

ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে বাৰাণসীত কংগ্ৰেছ কৰ্মীসকলে গংগা নদীৰ পাৰত ৰাহুল গান্থীৰ ফটোত গাখীৰ ঢালি শুভেচ্ছা জ্ঞাপন কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *