বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ নাম ঘোষণা । ৭ জন যুৱ নেতাক ৰাষ্ট্ৰীয় উপ-সভাপতি আৰু আন তিনিজনক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি।
অসমৰ বিশ্বজিৎ খাউণ্ডক যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব৷
উল্লেখ্য যে, বিজেপি যুৱ মৰ্চাৰ সভাপতি তথা গুজৰাটৰ বদোদৰাৰ সাংসদ হেমাংগ যোশীয়ে দলৰ যুৱ শাখাৰ নৱনিযুক্ত বিষয়ববীয়াৰ নাম ঘোষণা কৰে ।
আগষ্ট মাহত বিজেপি যুৱ মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ হেমাংগ যোশীৰ অধীনতে এই বৃহৎ সালসলনি কৰা হৈছে ৷
তেওঁ এক বিবৃতিত কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশ অনুসৰি উল্লেখিত সদস্যসকলক বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া হিচাপে নিযুক্তি দিয়া হৈছে আৰু অন্যান্য দায়িত্ব অৰ্পণ কৰা হৈছে । তেওঁ কয় যে এই নিযুক্তিসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব ।
ৰাষ্ট্ৰীয় সম্পাদকসকলৰ ভিতৰত আছে অসমৰ পৰা বিশ্বজিৎ খাউণ্ড, মধ্যপ্ৰদেশৰ পৰা আশীষ ঝালা, মহাৰাষ্ট্ৰৰ পৰা সয়ালি ৰঘুনাথ কুলকাৰ্ণী, ৰাজস্থানৰ পৰা হিমাংশু শৰ্মা, পঞ্জাবৰ পৰা চৰ্দাৰ অৰমানজোত ব্ৰাৰ, ঝাৰখণ্ডৰ পৰা অমন যাদৱ আৰু বিহাৰৰ পৰা ৰাহুল ঝা ।