গো সৰবৰাহকাৰীৰ বিৰুদ্ধে মৰিগাঁও মায়ং থানাৰ আৰক্ষী অভিযান।
অভিযানত মঙলবাৰে নিশা দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা অপৰাধী দুজন এনামুল হক আৰু ৰইচুদ্দিন বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, মায়ং থানা গোচৰ নং ১২০/২০২৬ নম্বৰত এই গোচৰটো ৰুজু কৰা হৈছে। গোচৰটোত ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩-ৰ ৩০৩(২)/ ১০৯/ ২৮১/ ৩২৪(৪)/ ১২৫(খ)/ ২৩৮/ ৩(৫) ধাৰা সংযাগ কৰা হৈছে।
উক্ত এই ঘটনাৰ সতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এনামুল হক (বয়স: ৩২ বছৰ) আৰু ৰইছ উদ্দিন (বয়স: ৩৩ বছৰ)ক গ্ৰেপ্তাৰ কৰাৰ উপৰিও অভিযুক্তসকলৰ পৰা অবৈধ কাৰ্যত ব্যৱহৃত এখন বগা ৰঙৰ ‘ব’লেৰ’’ (Bolero) বাহন আৰু নগদ ১,৪৪,০০০ (এক লাখ চৌচল্লিশ হাজাৰ) টকা জব্দ কৰিবলৈ সক্ষম হয়।
বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।