বানপানীয়ে উটুৱাই নিলে ঘৰখন, কিন্তু উটুৱাই নিব নোৱাৰিলে জানমণিৰ সপোন

অসমৰ বানপানী কেৱল পানীৰ সোঁত নহয়।ই বহু মানুহৰ ঘৰ, জীৱিকা আৰু সপোন উটুৱাই নিয়ে।।এই বানৰ কৰুণ ৰূপ দেখিছিল যোৰহাটৰ শলমৰাৰ জানমণি কোঁৱৰে।

বানপানীয়ে বুৰাই পেলাইছিল জানমণিৰ ঘৰখন।উটুৱাই লৈ গৈছিল তাইৰ কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰটোও।

যি মাটিত থিয় হৈ তাই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সপোন দেখিছিল, সেই মাটিয়েই যেন বানৰ বুকুত হেৰাই গৈছিল।

কিন্তু জানমণিয়ে হাৰ মনা নাছিল।

ঠিক সেই সময়তে অসমৰ বানাক্ৰান্ত লোকৰ কাষত থিয় দিবলৈ আগবাঢ়ি অহা Physics Wallah-ৰ Founder & CEO অলখ পাণ্ডেৰ সৈতে জানমণিৰ সাক্ষাৎ হয় বানেধোৱা শলমৰাত।

অলখ পাণ্ডে জানমণিৰ সেই সপোনক মৰিবলৈ নিদিলে।তেওঁ জানমণিৰ হাতত তুলি দিলে তিনি লাখ টকাৰ চেক।

কিন্তু জানমণিৰ বাবে সেয়া কেৱল ধনৰাশি নাছিল।
সেয়া আছিল “তুমি আগবাঢ়া, আমি তোমাৰ সৈতে আছোঁ”
বুলি আগবঢ়োৱা এখন বিশ্বাসৰ হাত।

সেই সহায় বুকুত লৈ জানমণিয়ে আকৌ আৰম্ভ কৰিলে নিজৰ যাত্ৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত স্বাধীনতা কাপ স্বৰ্ণ পদক।

বহু প্ৰতিভাবান খেলুৱৈক পৰাভূত কৰি জানমণিয়ে গৌৰাম্বিত কৰিলে অসম আৰু অসমীয়াক ।

বানপানীয়ে যি স্বপ্নক থমকাই দিছিল, সেই স্বপ্নক পুনৰ জীয়াই তুলিলে তাইৰ পৰিশ্ৰমে।

আৰু অৱশেষত আহিল সেই গৌৰৱৰ মুহূৰ্ত

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত জানমণিৰ ডিঙিত জিলিকিল স্বৰ্ণ পদক।

এয়া কেৱল এগৰাকী খেলুৱৈৰ জয় নহয়।

এয়া এটা সৰু সপোনক বিশ্বাস কৰা মানুহৰ জয়।

এয়া বিপদৰ সময়ত আগবঢ়াই দিয়া এখন সহায়ৰ হাতৰ জয়।

Leave a Reply

Your email address will not be published. Required fields are marked *