বন্যহস্তীৰ উপদ্ৰৱ; বন্যহস্তীৰ আক্ৰমণত মৃত্যু অৰ্জুন চাংমাৰ

গোৱালপাৰাত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ। ধূপধৰাত বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যু। নিহত লোকজনক বৰদামাল আঠিয়াবাৰীৰ বাসিন্দা অৰ্জুন চাংমা বুলি চিনাক্ত কৰা হৈছে।

খাদ্যৰ সন্ধানত পাহাৰৰ পৰা জনাঞ্চললৈ অহা বনৰীয়া হাতীৰ এটা জাকে ধূপধৰাৰ মৰিয়ামপুৰ-আঠিয়াবাৰী সংযোগী পথত এই তাণ্ডৱ চলায়। পথচাৰি অৰ্জুন চাংমাই বাটেৰে গৈ থকা অৱস্থাত জনাঞ্চলত উপদ্ৰৱ চলাই থকা হাতীটোৰ সন্মুখীন হয়। হাতীৰ জাকটোৱে অৰ্জুন চাংমাক হঠাৎ আক্ৰমণ কৰাত নিহত হয় অৰ্জুন চাংমা ।

এই আকস্মিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে জনজীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন বিভাগক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *