অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ শেহতীয়া নীতিৰ বিৰুদ্ধে বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। বিশ্বনাথ মহাবিদ্যালয় আছু গোট আৰু বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে।
২০২৬-২৭ শৈক্ষিক বৰ্ষৰ নামভৰ্তিৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখ্য যে, নামভৰ্তিৰ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ ফলত গ্ৰাম্য, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল চৰম দুৰৱস্থাৰ সন্মুখীন হৈছে। চৰকাৰৰ বিনামূলীয়া নামভৰ্তি আঁচনিৰ নীতি সংশোধন কৰি বেংক পেপাৰ থকা ছাত্ৰ-ছাত্ৰীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্তক তীব্ৰ গৰিহণা জনায় ছাত্ৰ সমাজে। ইয়াৰ ফলত বহু মেধাৱী আৰু দৰিদ্ৰ শিক্ষাৰ্থী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব।
লগতে চৰকাৰী আৰু অনুদানপ্ৰাপ্ত মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ পৰা বেচৰকাৰী,ব্যক্তিগত মহাবিদ্যালয়ৰ দৰে প্ৰকাণ্ড মাচুল সংগ্ৰহ কৰাৰ চেষ্টা কৰাটো শিক্ষা বিভাগ আৰু চৰকাৰৰ বাবে অত্যন্ত লাজৰ বিষয় বুলি অভিহিত কৰে প্ৰতিবাদকাৰীসকলে।
আনহাতে, আছু আৰু ছাত্ৰ একতা সভাৰ নেতাসকলে স্পষ্ট কৰি দিয়ে যে- যদিহে শিক্ষা বিভাগে নামভৰ্তিৰ অতিৰিক্ত মাচুল হ্ৰাস নকৰে আৰু সকলো যোগ্য শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা পুনৰ প্ৰদান নকৰে, তেন্তে আগন্তুক দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব।