বটদ্ৰৱাৰ ডুমডুমীয়াৰ চাপৰিত মৰেল পুলিচিঙৰ ঘটনা।
চুৰিৰ সন্দেহত ঘৰৰ পৰা বলপূৰ্বক সুৰুজ আলী, জহিৰুল ইছলাম আৰু মোহাম্মদ আলী নামৰ তিনিজন লোকক গছত বান্ধি দলবদ্ধ প্ৰহাৰ কৰে।
অৱশেষত ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ আৰক্ষী উপ-পৰিদৰ্শক বিশাল কাঠাৰৰ নেতৃত্বত আৰক্ষীৰ দলে উদ্ধাৰ কৰে ভুক্তভোগী লোককেইজনক।
মৰেল পুলিচিঙত গোলজাৰ হুছেইন, ৰুহুল অমিন, মোবাৰাক হুছেইন,মেৰাজুল ইছলাম, বাবুল ইছলাম, মজিবুৰ ৰহমান, আইজোল ইছলাম আৰু তাৰ পত্নী জড়িত থকাৰ অভিযোগ।
উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ অতি দুৰ্গম অঞ্চল হোৱাৰ বাবে অভিযুক্ত মাতব্বৰ কেইজনে এই ঘটনা সংগঠত কৰাৰ অভিযোগ