তেজপুৰ সদৰ আৰক্ষীয়ে অভিযান চলাই চহৰখনত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা বাইক চুৰি গেংৰ দুই সদস্যক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীয়ে এটা গেৰেজত লুকুৱাই থোৱা অৱস্থাত বহু কেইখন চুৰি বাইক উদ্ধাৰ কৰে৷
উল্লেখ্য যে, গেংটোৱে বিগত কিছু মাহ ধৰি তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল৷ আৰক্ষীয়ে এই গেংটোৰ বিৰুদ্ধে অভিযান চলাই তেজপুৰৰ পৰা অংকুৰ বৰা আৰু ৰবিন দাস নামৰ দুজন গভাইত বাইক চোৰক গ্ৰেপ্তাৰ কৰে৷
আনহাতে, তেওঁলোকৰ তথ্যৰ ভিত্তিত দ-পৰ্বতীয়াৰ অমৰজ্যোতি বৰা নামৰ লোকজনৰ গেৰেজত লুকুৱাই থোৱা অৱস্থাত ৬ খন Splender আৰু Glamour বাইক আৰক্ষীয়ে উদ্ধাৰ কৰে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।