পাঠশালাত যাত্ৰীবাহী বাছৰ বিৰুদ্ধে বজালী জিলা পৰিবহণ বিভাগৰ অভিযান
বজালী জিলাৰ পাঠশালাস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ’কত বজালী জিলা পৰিবহণ বিভাগে পৰিবহণ আইন উলংঘা কৰা যাত্ৰীবাহী বাছসমূহৰ বিৰুদ্ধে এক অভিযান চলায়।
অভিযানত বিভিন্ন বাছৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে উচ্চ শব্দৰ হৰ্ণ ব্যৱহাৰ, নথি-পত্ৰৰ বিসংগতি আদি বিভিন্ন অনিয়ম ধৰা পৰে।
এই অনিয়মৰ বাবে একাধিক যাত্ৰীবাহী বাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় এক লাখ পঞ্চাশ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হয়।
জিলা পৰিবহণ বিষয়া গুণেশ্বৰ বেজবৰুৱাই জানিবলৈ দিয়ে যে, পৰিবহণ আইন কঠোৰভাৱে কাৰ্যকৰী কৰাৰ উদ্দেশ্যেই এই অভিযান চলোৱা হৈছে।
বিশেষকৈ উচ্চ শব্দৰ হৰ্ণ ব্যৱহাৰ কৰা আৰু প্ৰয়োজনীয় নথি-পত্ৰ সঠিকভাৱে সংৰক্ষণ নকৰা বাছসমূহৰ বিৰুদ্ধে দহ হাজাৰ টকাকৈ জৰিমনা বিহা হয়।
ইয়াৰ লগতে পাঠশালা হাইৱে চকত যাত্ৰীবাহী বাছসমূহ শৃংখলাবদ্ধভাৱে ৰখোৱা, যানজঁট হ্ৰাস কৰা আৰু যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো এনে অভিযান অব্যাহত থাকিব বুলি জিলা পৰিবহণ বিষয়া গৰাকীয়ে উল্লেখ কৰে।