“গৌৰৱ গগৈ ক’ৰ্টলৈ গ’লে নিজেই বিপদত পৰিব। ইমানদিনৰ পৰা ক’ৰ্টলৈ যাম যাম বুলি যোৱা নাই, গতিকে নাযায়”

নগাঁৱৰ বঢ়মপুৰত বিজেপি দলৰ সাংগঠনিক সভাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ

মন্ত্ৰীগৰাকীয়ে কয়- ‘গৌৰৱ গগৈ ক’ৰ্টলৈ গ’লে নিজেই বিপদত পৰিব। ইমানদিনৰ পৰা ক’ৰ্টলৈ যাম যাম বুলি যোৱা নাই, গতিকে নাযায়।’

লগতে মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘হিমন্ত বিশ্ব শৰ্মাই ইমান দিনৰ পৰা কৈ আছে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট। গতিকে গৌৰৱ গগৈয়ে বহুদিনৰ আগতেই মানহানি কেচ দিব লাগিছিল। তেওঁ জানে যে তেওঁ নিজে ফচিব।’

তৰুণ গগৈ ডাঙৰীয়াৰ নাতি কেইজনক ভাৰতীয় পৰম্পৰালৈকে ঘূৰাই আনক বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই পুনৰ কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *