আজি বিজয়া দশমী, বিসৰ্জন দিয়া হ’ব দেৱী দুৰ্গা

আজি বিজয়া দশমী। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নৰে বিদায় দিয়া হ’ব।

ৰাজ্যজুৰি বিজয়া দশমীৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে বিজয়া দশমীত উত্তৰ গুৱাহাটীত ৰাৱণ দাহন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নিৰ্মাণ কৰা হৈছে ৮০ ফুট উচ্চতাৰ ৰাৱণ ।

আজি সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত ৰূপায়ন কৰা হ’ব এই ৰাৱণ দাহন কাৰ্যসূচী । সমাজৰ পৰা আসুৰিক শক্তিক বিনাশ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে উত্তৰ গুৱাহাটী মধ্যমখণ্ড দুৰ্গা পূজা ক্ষেত্ৰত ৰূপায়ন কৰা হয় এই ৰাৱণ দাহন কাৰ্যসূচী ।

Leave a Reply

Your email address will not be published. Required fields are marked *