আজি বিজয়া দশমী;মা দুৰ্গাক বিদায় দিয়াৰ সেন্দুৰ খেলা পৰ্ব…

আজি বিজয়া দশমী। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাঁৱতো উলহ-মালহেৰে পালন কৰা হৈছে বিজয়া দশমী।

দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বিদায় জনোৱাৰ পূৰ্বে বঙাইগাঁৱৰ ৰামকৃষ্ণ সেৱাশ্ৰমত পৰম্পৰাগতভাৱে অনুষ্ঠিত হয় সেন্দূৰ খেলা পৰ্ব

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলে সেন্দূৰ সানি আনন্দ-উল্লাসেৰে পালন কৰে বিজয়া দশমী।

দেৱী দুৰ্গাৰ বিদায়ৰ ক্ষণত সেন্দূৰ খেলাৰ এই পৰম্পৰাই কঢ়িয়াই আনে শুভকামনা, মংগল আৰু ভাতৃত্ববোধৰ বাৰ্তা।

দেৱীক বিদায় জনোৱাৰ সময়ত পৰিৱেশ হৈ পৰে আৱেগিক। পুনৰ এবছৰলৈ দেৱী দুৰ্গাৰ আগমনৰ অপেক্ষাৰে ভক্তসকলে জনায় বিদায়।

Leave a Reply

Your email address will not be published. Required fields are marked *