আজি কাতি বিহু ;মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিনপাট সত্ৰ, গড়মূৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি প্ৰজ্বলন। ঐতিহাসিক আউনীআটী সত্ৰত ৩৭৩ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন বৈষ্ণৱসকলৰ

আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু। মাজুলীত কাতি বিহু শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয়। ৰাসোৎসৱ, পালনাম আৰু কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ ।

মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিনপাট সত্ৰ, গড়মুৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি প্ৰজ্বলন কৰা হ’ল ।

ঐতিহাসিক আউনীআটী সত্ৰত ৩৭৩ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে বৈষ্ণৱসকলে ।

সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে তাৰ বাবে সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ বৰপূজাৰীয়ে ।

যদিও বা কাতি বিহু কঙালী তথাপিও সত্ৰ সমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি ।

কাতি মাহটো দামোদৰ মাহ পূণ্যমাহ আৰু এই কাতি মাহত তলত তুলসী ৰোপন কৰিলে মানৱ জাতীৰ কল্যান সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্বাৰ হয় ।

তুলসী দৰ্শন মাত্ৰে পূণ্য হয় স্পৰ্শ কৰিলে পাপ ক্ষয় হয় , আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় এই কথা পদ্ম পুৰানত উল্লেখ আছে ।

পৰ্যটকৰ মানচিত্ৰত স্থান পোৱা আউনীআটী সত্ৰৰ আকাশবন্তি প্ৰজ্বলন কৰিছে। সকলো সাংস্কৃতিক অনুষ্ঠান পৰ্যবেশিত কৰি এক অনন্য পৰিবেশ বিৰাজ কৰিছে ।

পৰম ব্ৰহ্মই হৈছে জ্যোতি এই জ্যোতি প্ৰজ্বলন কৰি আদি ব্যাধি নিস্তাৰ কৰি হৃদয়ৰ আকাশ পোহৰাই তুলিবলৈ প্ৰজ্বলিত হ’ব বন্তি।

২১ যোৰা আকাশ বন্তি কাতি মাহতো প্ৰজ্বলিত হৈ থাকিব ।

আজি সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন বায়ন ঢ়ুলিয়া খুলিয়া ওজাপালী নটুৱা সংকীত্তন আদিৰ মাজেৰে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ, বৰপূজাৰী বয়োজেষ্ঠ বৈষ্ণৱ সকলে ২১ যোৰ আকাশ বন্তি প্ৰজ্বলন কৰিছে। মাজুলীত কাতি বিহুতি উলহ মালহেৰে উদযাপিত হৈছে।

আউনীআটী সত্ৰত পৰম্পৰাগত বণ্যাঢ়্য কাৰ্যসূচী পৰম্পৰাৰে উদযাপন কৰাৰ লগতে মাজুলীৰ ৩৫ খন সত্ৰৰ নিদিষ্ঠ পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিছে ।

মাজুলীৰ দক্ষিণ পাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩যোৰা বন্তি প্ৰজ্বলন কৰিছে। উত্তৰ কমলাবাৰী সত্ৰতো নাম প্ৰসংগ গায়ন বায়ন আদি পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈছে ।গাঁও সমূহতো পৰম্পৰাগত ভাৱে কাতি বিহু পালন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *