৫৭.৫ কোটি টকাৰ য়াবা টেবলেট জব্দ; আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সফল অভিযান। শেহতীয়াকৈ কাছাৰ জিলাত অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৫৭.৫ কোটি টকাৰ য়াবা টেবলেট৷ লগতে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে এই কথা প্ৰকাশ কৰে।

সামাজিক মাধ্যমযোগে পোষ্টত কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উল্লেখ কৰে যে, আৰক্ষীয়ে এক অভিযান চলাই এখন ট্ৰাকৰ পৰা ২.৩ লাখ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে, যাৰ আনুমানিক বজাৰ মূল্য ৫৭.৫ কোটি টকা ৷

অসম আৰক্ষীক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, “এই ট্ৰাকখনে জোখতকৈ বহু বেছি সামগ্ৰী কঢ়িয়াই আনিছিল । কাছাৰ আৰক্ষীয়ে ট্ৰাকখনৰ এটা গোপন চেম্বাৰৰ পৰা ২.৩ লাখ টেবলেট উদ্ধাৰ কৰা হয় ৷ এইখিনিৰ মূল্য ৫৭.৫ কোটি টকা ৷ লগতে আৰক্ষীয়ে দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ’’

Leave a Reply

Your email address will not be published. Required fields are marked *