শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই

আজি মহা শিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা উদযাপন কৰা হয় মহা শিৱৰাত্ৰি । শিৱৰাত্ৰি উপলক্ষ পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই।

আজিৰ দিনটোত জীৱনৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ বাবে মহাদেৱক স্মৰণ কৰে। শিৱৰাত্ৰীৰ দিনা ভক্তই উপবাসে থাকি শিৱৰ আৰতি পাঠ কৰে আৰু ওৰে ৰাতি সাৰে থাকি ভক্তি আৰাধনাত বিলিন হয়। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়।হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱটিৰ আৰম্ভণিৰ তাৰিখ জনা নাযায় যদিও অতীতৰ পৰা চলি অহা বহু কাহিনীয়ে মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণন কৰে, তাৰে এটা হৈছে এয়া শিৱৰ নৃত্যৰ নিশা(Maha Shivratri)।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢেকীয়াজুলিৰ ঐতিহাসীক শিঙৰী গুপ্তেশ্বৰ দেৱালয়ত উদযাপন কৰা হৈছে মহা শিৱৰাত্ৰি৷ শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি আজিৰে পৰা শিঙৰী গুপ্তেশ্বৰ দেৱালয়ত ছয় দিনিয়াকৈ অনুষ্ঠিত হৈছে মেলা ৷ ভগৱান শিৱক পূজা অৰ্চনা কৰিবলৈ পুৱাৰে পৰা ভক্তৰ সমাগম ঘটিছে৷ প্ৰতি বছৰে দূৰ-দূৰনিৰ লক্ষাধিক ভক্তৰ সমাগম হয় এই ঐতিহাসীক গুপ্তেশ্বৰ দেৱালয়ত৷ লগতে মহা শিৱৰাত্ৰি উপলক্ষ্যে শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ এখনী তোৰন মাঙ্গলিক ৰীতি নিতীৰে মুকলি কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *