জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী; দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰৱিচ্চিন্ন অভিযানত শোণিতপুৰ জিলাৰ মিছামাৰীত আৰক্ষীৰ সাফল্য।

মিছামাৰী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা বিশেষ অভিযানত নিচাজাতীয় সামগ্ৰীসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা মিছামাৰী থানাৰ আৰক্ষী বিষয়া দীপজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ বিশেষ দলটোৱে মিছামাৰী সেনা চাউনীৰ সমীপত এই অভিযান চলায়। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে ৰঙাপৰা বঙালগাঁৱৰ আলম মনচুৰ আৰু শামুকীয়াৰ সুজিত ভূঞা বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি, অভিযুক্ত আলম মনচুৰ আৰু সুজিত ভূঞাই মিছামাৰী সেনা চাউনী কেন্টনমেন্টৰ ভিতৰত আশ্ৰয় লৈ অতি চতুৰালিৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া সৰবৰাহ চলাই আহিছিল। আৰক্ষীৰ দলটোৱে দুয়োকে ঘটনাস্থলীতে আটক কৰাৰ লগতে তেওঁলোকৰ জিম্মাৰ পৰা নিচাজাতীয় সামগ্ৰী ভৰ্তি ৬ টাকৈ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি আৰক্ষীয়ে দুয়োকে জিম্মাত লৈ অধিক তথ্য লাভৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। এই সমগ্ৰ চক্ৰটোৰ সৈতে অইন কোনো লোক জড়িত হৈ আছে নেকি, তাৰো গভীৰ তদন্ত চলাই থকা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *