চামগুৰিৰ গটঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত তিনিখনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত।
সৌভাগ্যক্ৰমে কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকী লোক।
জানিব পৰা মতে, চামগুৰিৰ দিশৰ পৰা এখন বালিভৰ্তি ডাম্পাৰ আমনিৰ দিশে গৈ থকা সময়তে ডাম্পাৰখনৰ চকা ফুটে যাৰ ফলত ডাম্পাৰখন ডিভাইডাৰ পাৰ হৈ যায়।সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা দুখন ব্যক্তিগত বাহনৰ চালকে ব্ৰেক মাৰে আৰু বাহনকেইখন দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হয়।
উল্লেখ্য যে, ইতিমধ্যে চামগুৰিত ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে কেইবাগৰাকী লোকৰ প্ৰাণহানি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ মাজতে পুনৰ গটঙাত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভাৰলোডেড ডাম্পাৰৰ চলাচল আৰু পথ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।