চামগুৰিত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সভাৰ পূৰ্বে উত্তপ্ত পৰিস্থিতি। মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰে একাংশ মহিলাই। চেক লাভৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে।
চামগুৰি সমষ্টিৰ বাজিয়া গাঁৱত আজি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পূৰ্বেই সৃষ্টি হয় উত্তেজনাৰ পৰিস্থিতি।
চেক লাভৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ তুলি একাংশ স্ব-নিৰ্ভৰ গোটৰ মহিলাই বাজিয়া গাঁও-খটোৱাল সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী মহিলাসকলৰ অভিযোগ, গৰিষ্ঠ সংখ্যক যোগ্য গোটক চেক লাভৰ পৰা বঞ্চিত কৰা হৈছে। লগতে, প্ৰতিবাদৰ সম্ভাৱনা উপলব্ধি কৰি গোটৰ জীৱিকা সখী গৰাকীয়ে তেওঁলোকক সভাস্থলীলৈ যাবলৈ বাধা দিয়াৰো অভিযোগ উত্থাপন কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। অৱশ্যে, এই অভিযোগসমূহৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ হোৱা নাই।