বুধবাৰে নিশা গুৱাহাটীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ৩৯ কোটি টকাৰ ড্ৰাগছ। বৰাগাঁৱত চলোৱা অভিযানত ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে
গড়চুক আৰক্ষীৰ অভিযানত ডব্লিউ ৱাই (WY) টেবলেটসহ ১০ পেকেট হেৰ’ইন জব্দ কৰা হয়। ১৫ পেকেট WY টেবলেট জব্দ কৰা হয়।
জানিব পৰা মতে, এখন ১৬চকীয়া ট্ৰাকেৰে ড্ৰাগছখিনি ইম্ফলৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ বাবে আনিছিল। AS01 VC 1396 নম্বৰৰ ট্ৰাকখনেৰে সৰবৰাহ কৰোৱা হৈছিল ড্ৰাগছখিনি।
ঘটনাৰ সৈতে জড়িত দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গোৱালপাৰা জিলাৰ কল্যাণপুৰৰ আব্দুল কাদিৰ (২৮) আৰু গোৱালপাৰা জিলাৰে মতিনালপাৰা চৰিফুল ইছলামক (১৮) গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে।