আজি গোসাঁই বিহু; গোসাঁই বিহু উপলক্ষে তেজপুৰৰ দক্ষিণপাট সত্ৰত ভক্তৰ পূজা অৰ্চনা

আজি গোসাঁই বিহু। নাম কীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ, নামঘৰ, মন্দিৰ।

গোসাঁই বিহু ৰঙালী বিহুৰ তৃতীয়টো দিনত পালন কৰা হয়।

এই বিহুৰ দিনটোত সকলোৱে পুৱাতে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে। বহুতেই নিজৰ গাঁৱৰ মন্দিৰত গৈ নেদেখাজনৰ আশিস বিচাৰে। নিজ আৰাধ্য দেৱতাক ধূপ-দ্বীপ, নৈবেদ্যৰে বছৰটো যাতে কুশলে যায় তাৰ বাবে প্ৰাৰ্থনা জনায়।

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ বিভিন্ন স্থানত গোসাই বিহু পালন কৰে৷ গাঁওসমূহৰ নামঘৰৰ লগতে সত্ৰসমূহ গোসাই বিহুত অংশগ্ৰহণ কৰি সেৱা লয় ৰাইজে৷ তেজপুৰৰ বৰালীমৰা সত্ৰ দক্ষিণপাট সত্ৰৰ ডিপোটা ঘাট সত্ৰত পালন কৰা হয় গোঁসাই বিহু ।।

Leave a Reply

Your email address will not be published. Required fields are marked *