ৰাজ্যৰ ৫.৪২ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে নিযুত মইনা, নিযুত বাবু আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্ৰীৰ

দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৫.৪২ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন মুকলি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে দিনৰ ১১ বজাত জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰৰ পৰা এই ধনৰাশি মুকলি কৰে। দুয়োখন আঁচনিৰ অধীনত মুঠ প্ৰায় ৫৮.৫৯ কোটি টকা শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰে।

অনুষ্ঠানত শিক্ষাৰ্থীসকলক দুৰ্গাপূজাৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে কয় যে এই বিশেষ দিনটোৰ বাবে শিক্ষাৰ্থীসকলৰ দৰে তেওঁ নিজেও মুখ্যমন্ত্ৰী হিচাপে অপেক্ষা কৰি আছিল।

এইধনৰাশি।পোনপটীয়াকৈ লাভ কৰিব একাদশ শ্ৰেণীৰ ১,০৭,৮৭৪গৰাকী, দ্বাদশ শ্ৰেণীৰ ৮১,২০৮গৰাকী, স্নাতক বৰ্ষৰ ২,৩৪,২৯২গৰাকী, স্নাতকোত্তৰ পৰ্যায়ৰ ১৩,৯৭১গৰাকী, পলিটেকনিকগৰাকী ১,৪৯৯গৰাকী আৰু বি এড পৰ্যায়ৰ ৭৫৪গৰাকী ছাত্ৰীয়ে।

ইফালে, নিযুত বাবু আঁচনিৰ অধীনত এইবাৰ ১,০২,৫০১গৰাকী ছাত্ৰই আৰ্থিক সাহায্য লাভ কৰিব। ইয়াৰ বাবে ১০.৩৭ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰে স্নাতক পৰ্যায়ৰ ১,০১,২৭৩গৰাকী আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ১,২২৮গৰাকী ছাত্ৰ অন্তৰ্ভুক্ত হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধনৰাশি মুকলি কৰি কয় যে, বিগত বছৰ নিযুত বাবু আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৪৯ হাজাৰ আছিল। এইবাৰ সেই সংখ্যা বৃদ্ধি পাই এক লাখৰো অধিক হৈছে। আশীৰ্বাদ যাত্ৰাৰ সময়ত ছাত্ৰসকলে নিযুত বাবু আঁচনি কেতিয়া আৰম্ভ হ’ব বুলি তেওঁক প্ৰশ্ন কৰা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ মতে, আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো চৰকাৰৰ বাবে আৰ্থিক দিশৰ পৰা প্ৰত্যাহ্বান হ’লেও শিক্ষাৰ্থীসকলৰ মাজত ইয়াৰ প্ৰতি থকা আগ্ৰহ আৰু উৎসাহে তেওঁক আনন্দিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *