বলীউদৰ অভিনেতা ইমৰান খানক ভাৰত এৰাৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ।অহা ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ দিছে মুম্বাই আৰক্ষীয়ে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ইমৰান ভাৰতীয় নাগৰিক নহয়। তৎসত্ত্বেও প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে ২০২৫ চনৰ ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
যোৱা ১০ অক্টোবৰত মুম্বাইৰ আগষ্ট ক্ৰান্তি ময়দানত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ইমৰানে। তাত প্ৰতিবাদকাৰীসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাইছিল। সেই কাৰ্যসূচীৰ সময়তে অভিনেতাগৰাকীক আটক কৰিছিল মুম্বাই আৰক্ষীয়ে।
ককৰ’চ জনতা পাৰ্টী (CJP)য়ে এই প্ৰতিবাদৰ আয়োজন কৰিছিল। পিছত অভিনেতাগৰাকীৰ প্ৰতিবাদত অংশগ্ৰহণৰ বিষয়টো বিজেপি নেতা তথা প্ৰাক্তন সাংসদ কিৰীট সোমাইয়াৰ দৃষ্টিগোচৰ হয়। তেওঁ Ministry of Home Affairs and Immigration Authoritiesৰ ওচৰত ইমৰানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদন জনায়।