পুনৰ গৰজি উঠিল মহানগৰ আৰক্ষীৰ বন্দুক।
মহানগৰীৰ কাহিলীপাৰাৰ জনকপুৰত মহিলাৰ বেগ থপিয়াই নিয়া ২ ডকাইতলৈ আৰক্ষীৰ।গুলী
খানাপাৰা আৰু পাঞ্জাবাৰীৰ মাজৰ অঞ্চলত গুলীবিদ্ধ হয় ২ ডকাইত।
গুলীবিদ্ধ দুই অভিযুক্ত হৈছে প্ৰশান্ত বড়ো আৰু ৰাহুল দাস।বুলি জানিব পৰা গৈছে
বৰ্তমান আঘাতপ্ৰাপ্ত দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য, যোৱা ৫ অক্টোবৰৰ পুৱা প্ৰায় ৫.৪৫ বজাত জনকপুৰত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিটো। বাইক বা স্কুটীত অহা দুই চিলনী চোৰে এগৰাকী মহিলাক অনুসৰণ কৰি তেওঁৰ বেগটো থপিয়াই নিছিল। বেগটো লৈ পলায়ন কৰাৰ সময়ত মহিলাগৰাকীক বহু দূৰলৈকে চোঁচৰাই নিয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। সমগ্ৰ ঘটনাটো অঞ্চলটোৰ CCTV কেমেৰাত বন্দী হৈছিল। জানিব পৰা অনুসৰি ৫ অক্টোবৰতে লালমাটিতো সংঘটিত কৰিছিল অনুৰূপ ঘটনা।