অৰুণাচলীৰ গুলীত আহত ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যৰ চেক প্ৰদান মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্বিচাৰ গুলীচালনা৷ গোগামুখ মিংমাং বদতিত অৰুণাচলীৰ গুলীত আহত পৰিয়ালৰ কাষত মন্ত্ৰী ডাঃ ৰণোজ পেগু৷

অৰুণাচলীৰ গুলীত আহত লোকসকলৰ পৰিয়ালক সাহায্যৰ চেক।প্ৰদান মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

ৰাজ্য চৰকাৰে ঘোষণা কৰা দুই লাখ টকাৰ চেক বিতৰণ কৰে ঘটনাত আহত উৎপল দলে, ভাইজান দলে, পামে পেগু, বিতোপন দলে, বিগেশ্বৰ পাটিৰ, বিঞ্চু পেগু, লক্ষী প্ৰসাদ লাগাছু, ৰাকেশ দলে, সঞ্জয় টায়ুং, ৰোহিত দলে আৰু ৰাকেশ লাগাছুৰ পৰিয়ালৰ হাতত ।

বদতি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, টিএমপিকেৰ নেতৃত্ব তথা গাঁওবাসীৰ উপস্থিতিত আহত সকলৰ পৰিয়ালৰ হাতত এক কালীন সাহায্য প্ৰদান কৰে ৰণোজ পেগুৱে৷

উল্লেখযোগ্য যে ১০ আগষ্টত গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-আৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। অসমীয়ালৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল অৰুণাচলীয়ে। সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি গুলীচালনা কৰাৰ অভিযোগ। নিৰ্বিচাৰ গুলীচালনাত আহত হৈছিল বহুকেইজন লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *