‘আৰু ধৈৰ্যৰ পৰীক্ষা নল’ব, ৰাইজে সহ্য কৰি নাথাকে’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ খানাপাৰাত ৮০সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিজৰ ভাষণত বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে।কয়, ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত সচিবক লৈ গঠন হ’ব মিছন সদ্ভাৱনা আৰু প্ৰজেক্ট সদ্ভাৱনা। ইয়াৰ জৰিয়তে ২ অক্টোবৰৰ পৰা হ’ব মিছন মুডত পেণ্ডিং হৈ থকা প্ৰতিটো চৰকাৰী ফাইল নিষ্পত্তিৰ কাম।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰী বিষয়া-কৰ্মচাৰীক আকৌ সকীয়াই দিছোঁ – ৰাইজৰ আৰু ধৈৰ্য্য পৰীক্ষা ন’লব। এই ডিজিটেল যুগত ৰাইজে আৰু সহ্য কৰি নাথাকে। ৰাইজৰ বাবে উৎসৰ্গিত হ’ব লাগিবই চৰকাৰী বিষয়া-কৰ্মচাৰী।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত এতিয়াৰ পৰা তিনিটা প্ৰজন্মৰ নথি-পত্ৰ থাকিলেহে মাটি কিনা-বেচা কৰিব পাৰিব। নতুনকৈ ৬,০০০ কিলোমিটাৰ অসম মালাৰ অধীনত পথ নিৰ্মাণ কৰা হ’ব। (File Photo)

সন্তানৰ শিক্ষাত অধিক বিনিয়োগ কৰিবলৈ পিতৃ-মাতৃসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ। ভুগৰ্ভস্থ পানী ৰক্ষাৰ বাবে ৰাইজক বৰষুণৰ পানী সংৰক্ষণৰ লগত জড়িত হ’বলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *