হাজোৰ বৰম্বৈ পাহাৰত ভয়ংকৰ ভূমিস্খলন

হাজোৰ বৰম্বৈ পাহাৰত ভয়ংকৰ ভূমিস্খলন। মূখলধাৰ বৰষুণৰ ফলতে বৰম্বৈ পাহাৰত ভূমিস্খলন হৈছে বুলি জানিব পৰা গৈছে।

এই ভূমিস্খলনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে বৰম্বৈ আঞ্চলিক শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ। পাহাৰৰ মাটি খহি ভাঙিল দুৰ্গা মন্দিৰৰ সভা গৃহৰ ৱাল। ফলত মন্দিৰৰ বিভিন্ন সামগ্ৰী নষ্ট হোৱাৰ লগতে প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে সদৰী কৰা অনুসৰি, এই ভূমিস্খলনৰ ফলত কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই যদিও মন্দিৰৰ এটা অংশৰ বৃহৎ ক্ষতি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *