শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে মহানগৰীত দুৰ্ঘটনাৰ সংখ‍্যা শতাধিকৰ ওপৰত

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহৰ মাজতে মহানগৰীৰ কেইবাটাতো স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পঞ্জীয়ন হোৱা তথ্য অনুসৰি, ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ ১১৪ গৰাকী দুৰ্ঘটনাত পতিত লোকক ভৰ্তি কৰোৱা হয় চিকিৎসা মহাবিদ্যালয়খনত ৷

বৃহস্পতিবাৰে জিএমচিএইচৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে জানিবলৈ অনুসৰি, এই ১১৪ গৰাকীৰ ভিতৰত ৮২ গৰাকীক চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হয় আৰু ৯ গৰাকীক মৃত অৱস্থাত অনা হয়৷

তেওঁ উল্লেখ কৰা অনুসৰি, চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱা ৮২ গৰাকী দুৰ্ঘটনাত পতিত ভুক্তভোগীৰ ভিতৰত ৬৭ গৰাকী পুৰুষ আৰু ১৫ গৰাকী মহিলা । আনহাতে মৃত ৯ গৰাকীৰ ভিতৰত ৮ জন পুৰুষ আৰু এগৰাকী মহিলা আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *