শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ।

বানৰ কবলত পৰা তিনিখন জিলাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে গ্ৰহণ কৰিছে পদক্ষেপ

তিনিখন জিলাৰ নিৰ্দিষ্ট বান প্ৰভাৱিত অঞ্চলত যদি কোনো ম’বাইল অপাৰেটৰৰ নেটৱৰ্ক সাময়িকভাৱে ব্যাহত হয়, তেন্তে গ্ৰাহকে আন উপলভ্য অপাৰেটৰৰ নেটৱৰ্ক ব্যৱহাৰ কৰি নিৰৱচ্ছিন্নভাৱে ম’বাইল সেৱা লাভ কৰিব পাৰিব।

এই পদক্ষেপ জৰুৰীকালীন যোগাযোগ অব্যাহত ৰখাৰ লগতে উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন কাৰ্য অধিক ফলপ্ৰসূভাৱে আগবঢ়োৱাত বিশেষ সহায়ক হ’ব। সামাজিক মাধ্যমযোগে এই ঘোষণা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *