নগাঁও জিলাৰ ৰূপহীহাটত আৰক্ষীৰ বৃহৎ সফলতা।
গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত আৰক্ষীয়ে জব্দ কৰে প্রায় ২ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী। লগতে নিচাজাতীয় সামগ্ৰীসহ আটক কৰে তিনি সৰবৰাহকাৰীক।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰু ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এই বিশেষ অভিযানত বাটমাৰী (ৰূপহী বজাৰ) অঞ্চলৰ পৰা AS01ES4590 নম্বৰৰ এখন বাহন জব্দ কৰে। লগতে বাহনখনৰ পৰা প্ৰায় ১ কেজি ২৩ গ্ৰাম সন্দেহজনক নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে। অভিযানত আটক কৰা সৰবৰাহকাৰী কেইজন আশ্বাদুল হক, ৰুহুল উদ্দীন আৰু ৰাছেল আক্তাৰ বুলি জানিব পৰা গৈছে।
ঘটনা সংক্ৰান্তত এন ডি পি এছ (NDPS) আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।