আজি মহানৱমী;দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত আকাশ-বতাহ

আজি মহানৱমী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো পূজা মণ্ডপসমূহত পূজা-অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। অসুৰ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয়ৰ প্ৰতীক হিচাপে পালন কৰা মহানৱমীৰ দিনটোত ভক্তসকলে মা দুৰ্গাৰ আশিস বিচাৰি পূজা-অৰ্চনা আগবঢ়োৱাৰ লগতে পৰিয়াল তথা সমাজৰ মংগল কামনা কৰিছে।

শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ দিনটোত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহত ভক্তৰ সমাগম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

দেৱীৰ দৰ্শন লাভৰ বাবে পুৱাই পূজা মণ্ডপত উপস্থিত হৈছে অসংখ্য ভক্ত। পৰম্পৰাগত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ নৱমী পূজা সম্পন্ন কৰাৰ লগতে বহু পূজা মণ্ডপত পুষ্পাঞ্জলি, বিশেষ পূজা আৰু আৰতিৰ আয়োজন কৰা হৈছে। ধূপ-ধূনাৰ সুগন্ধি, শংখধ্বনি, ঘণ্টা-ঘণ্টীৰ শব্দ আৰু দেৱী বন্দনাই সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশ।

বিশ্বাস অনুসৰি, মহানৱমীৰ দিনটোত দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰিলে ভক্তসকলে দেৱীৰ আশিস লাভ কৰে। নৱদুৰ্গাৰ নৱম ৰূপ দেৱী সিদ্ধিদাত্ৰীৰ আৰাধনাৰো বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি, দেৱীৰ এই ৰূপে ভক্তসকলক সিদ্ধি, শক্তি আৰু মংগল প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *