আজি পহিলা মাঘ;ৰাজ্যৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ

আজি পহিলা মাঘ সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ।

পহিলা মাঘৰ দিনা বজালীৰ ঐতিহাসিক ভোগেশ্বৰ মন্দিৰত লোকে লোকাৰণ্য পৰিবেশ।

বজালীৰ ভোগেশ্বৰ মন্দিৰত ভক্তৰ পুৱাৰে পৰা ভক্তৰ সমাগম ভোগেশ্বৰ মন্দিৰ সেৱা সমিতিয়ে ৩০১ সংখ্যক মাঘী উৎসৱ এইবাৰ ৫ দিনীয়াকৈ অনুষ্ঠিত কৰিছে।

পুৱা ৫ বজাৰ পৰা ভক্তৰ বাবে দুৱাৰ মুকলি কৰি দিছে মন্দিৰ পৰিচালনা সমিতিয়ে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত যি কামনা কৰে সেয়া পূৰ্ণ হোৱা বুলি লোক বিশ্বাস আছে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ভোগেশ্বৰ মন্দিৰৰো আছে এক সুকীয়া স্থান আছে।

আজি প্ৰথমদিনটোতে ১ লাখৰো অধিক ভক্ত প্ৰাণ ৰাইজৰ সমাগম হৈছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *