সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি আৰক্ষীৰ জালত বজালী জিলাৰ পাঠশালাৰ যুৱকক।
গ্ৰেপ্তাৰ হোৱা যুৱকজন পাঠশালাৰ নিপুন তালুকদাৰ বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, প্ৰায় দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদী সম্পৰ্কীয় এটা বাতৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আপত্তিজনক মন্তব্য কৰিছিল।নিপুন তালুকদাৰে।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো শ্বেয়াৰ কৰিও বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। যুৱকজনে লগতে অসমক নেপাল আৰু শ্ৰীলংকাৰ দৰে অস্থিৰ পৰিস্থিতিৰ দিশে আগবঢ়াই নিয়াৰ দৰে মন্তব্যৰে সামাজিক মাধ্যমত উচটনিমূলক ধৰণৰ পোষ্ট দিছিল বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, নিপুন তালুকদাৰ এগৰাকী পশু চিকিৎসক হিচাপে কৰ্মৰত আছিল। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।