যুক্তৰাজ্য অসম সাহিত্য সভাই ১৭অক্টোবৰত লণ্ডনৰ কিংছ লেংলী হলত দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৮তম জন্মজয়ন্তী পালন কৰে।
প্ৰবাসত থাকিও অসমৰ মাটি বায়ু সান্নিধ্য বাৱে আকুল হৈ থকা অসমীয়াসকলে বিগত বছৰবোৰৰ দৰে এইবাৰো গুৰুজনাৰ জন্ম তিথিৰ আয়োজন কৰে ।
নামকীৰ্তনেৰে আৰম্ভ কৰা এই বিশেষ দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় অনুষ্ঠানটিত মূখ্য অতিথি শিল্পী হিচাপে অংশগ্ৰহণ কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন লোকশিল্প জীনা ৰাজকুমাৰীয়ে ।
অনুষ্ঠানটোত মূখ্য অতিথিৰূপে উপস্থিত থাকি গুৰুজনাৰ ওপৰত বক্তব্য প্ৰদান কৰে, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত Divinity Studies সহ অধ্যাপক ড০ অঙ্কুৰ বৰুৱা গুৰুজনাৰ তিথিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জীনা ৰাজকুমাৰীয়ে বৰগীত, দিহা পৰিৱেশন কৰে ।
Bhanushri Vijay প্ৰযোজনাত প্ৰদৰ্শন কৰা এখনি ছুটি নৃত্য নাটিকা Rashmi Bharali ৰ বৰগীতৰ লগত Rishii Chowdhuryৰ খোলসঙ্গত, চন্দ্ৰমিতা আৰু Monalisa Das Talukdar ৰ বৰগীত, Geetutpala Shah ৰ শ্লোক, Bhabani Kakati ৰ তত্বাৱধানত সমবেত সঙ্গীত আৰু লোকগীত পৰিৱেশন কৰা হয় ।
সভাপতি Geeta Borooahই সকলোকে আদৰণি জনোৱাৰ লগতে সাম্প্ৰতিক সময়ত শংকৰদেৱৰ সৃষ্টিৰ মাহাত্ম্য বিষয়ে উল্লেখ কৰে সম্পাদিকা Pari Gogoiয়ে শলাগৰ শৰাই আগবঢ়াই। অনুষ্ঠানটিত লন্ডনত বসবাস কৰা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।