মৰ্মান্তিক ঘটনা ধুবুৰীত বাঢ়নী পানীত পৰি কৰুণ মৃত্যুৰ ১৭ বছৰীয়া ছাত্ৰীৰ।
ধুবুৰীৰ শিশু পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আকছাৰা গোৱালাই আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ কাষৰ গদাধৰ নৈত পৰি মৃত্যুমুখত পৰে।
উল্লেখ্য যে, ধুবুৰীৰ ১ নং ৱাৰ্ডৰ মেলা ঘাট এলেকাৰ বাসিন্দা ৰামচন্দ্ৰ গোৱালাৰ কন্যা আকছাৰা গোৱালাৰ মৃতদেহ ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিছে। ১৭ বছৰীয়া ছাত্ৰী গৰাকীৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।