বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

বৰষুণৰ পৰিমাণ কিছু হ্ৰাস পাইছে যদিও ৰাজ্যত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে৷ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বান পৰিৱেশ কালিৰ দিনটোলৈ বেয়া আছিল। আজি অকণমান ভাল হৈছে।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘কাইলৈ মই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটলৈ যাম। ইতিমধ্য মন্ত্ৰী-বিধায়কসকলে কেম্প কৰি সহায়-সহযোগ কৰিছে। ময়ো কাইলৈ ৰাইজৰ লগত থাকিম। কাইলৈ ৰাইজৰ ক’ৰবাত যদি অসুবিধা আছে, বুজ ল’বলৈ চেষ্টা কৰিম।’’

উল্লেখ্য যে, সোমবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ডাৱৰ বিস্ফোৰণৰ ফলত শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বহু অঞ্চল, আজিৰ প্রজন্মই পূৰ্বতে কেতিয়াও নেদেখা অবাঞ্চিত বান পৰিস্থিতিৰ সন্মুখীন হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে লিখিছিল, ‘‘দিনৰ পৰা নিশালৈ এই গোটেই সময়ছোৱাত আমি সর্বতোপ্রকাৰৰ যথাসাধ্য সহায় আগবঢ়োৱাৰ প্রয়াস কৰি আছোঁ। বিভাগৰ পৰা জিলা প্রশাসনলৈ, সতীর্থ মন্ত্রীৰ পৰা স্থানীয় বিধায়কলৈ সকলোৱে নিৰন্তৰ ৰাইজক সাহায্য প্রদান, মথাউৰি অঞ্চলৰ নিৰীক্ষণ, উদ্ধাৰ কার্য ধাৰাবাহিক গতিৰে আগবঢ়াই নিয়া আদি কামত মনোনিৱেশ কৰি আছে। সকলোৰে সহযোগিতাত আমি এই জটিল পৰিস্থিতিকো অতিক্রম কৰিব পাৰিম। স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলক আৰু সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ক।’’

Leave a Reply

Your email address will not be published. Required fields are marked *