দৰঙৰ সৰকাৰ চ’কত মৰ্মান্তিক দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত তিনিকৈ লোক।
মঙলদৈৰ পৰা তেজপুৰ অভিমুখী MK 46 AF 7002 নম্বৰৰ মালবাহী ট্ৰাক আৰু AS O1DM 7873 হুণ্ডাই ভাৰ্না বাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
ট্ৰাকৰ পিছে পিছে গৈ থকা ভাৰ্না বাহনখন সোমাই পৰে ট্ৰাকৰ তলত। ফলত বাহনখনত থকা তিনিজন যুৱকৰ কৰুণ মৃত্যু হয়।
এই দুৰ্ঘটনাত আহত হয় আন দুজন। আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
পূজা চাই খাৰুপেটীয়া অভিমুখে গৈ আছিল ভাৰ্না বাহনখন। সেই সময়তে ট্ৰাকৰ তলত সোমাই পৰে বাহনখন।
ঘটনাস্থলীত ধূলা আৰু খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত লোকক হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা কৰে।
দুৰ্ঘটনাত নিহতকেইজন অংকুজ দাস, প্ৰীতম দাস আৰু সোণাই সৰকাৰ বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ঘৰ খাৰুপেটীয়াৰ ৭ নম্বৰ ৱাৰ্ডত। আহত সাগৰ সাহা আৰু মিঠুন সাহাক GMCH লৈ প্ৰেৰণ কৰা হয়।